প্ৰাকৃতিক পৰিৱেশত
প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক পৰিৱেশত প্ৰদূষণ হ’ল প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তন। প্ৰদূষণে যিকোনো পদাৰ্থ (কঠিন, তৰল বা গেছ) বা শক্তি (যেনে তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰ)ৰ ৰূপ ল’ব পাৰে। প্ৰদূষণৰ কাৰক অৰ্থাৎ প্ৰদূষকসমূহ বিদেশী পদাৰ্থ/শক্তি বা প্ৰাকৃতিকভাৱে পোৱা যিকোনো কাৰক হ’ব পাৰে। প্ৰাকৃতিক পৰিঘটনাৰ ফলত পৰিৱেশ প্ৰদূষণ হ’ব পাৰে যদিও প্ৰদূষণ শব্দটোৱে সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশ দূষিত হোৱাকে বুজায়। প্ৰদূষণক প্ৰায়ে বিন্দু উৎস (point source pollution) বা অবিন্দু উৎস প্ৰদূষণ (nonpoint source pollution) হিচাপে শ্ৰেণীভুক্ত কৰা হয়। ২০১৫ চনত প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বতে ৯০ লাখ লোক (প্ৰতি ছয়জনৰ ভিতৰত এজন)ৰ মৃত্যু হৈছিল।২০১৯ চনতো এই হাৰ একেই থাকিল বুলি জনা যায়। ইয়াৰে ৩ ⁄ ৪ শতাংশৰ মৃত্যুৰ কাৰণ আছিল বায়ু প্ৰদূষণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা প্ৰশাসনে দিয়া প্ৰদূষণৰ সংজ্ঞা অনুসৰি "পানী, মাটি বা বায়ুত থকা যিকোনো পদাৰ্থ যিয়ে পৰিৱেশৰ প্ৰাকৃতিক গুণগত মান অৱনমিত কৰে, দৃষ্টিশক্তি, ৰুচি বা ঘ্ৰাণ ...